Inspiring Minds since 2004
কৰ্ম মোৰ সংস্কৃতি
শিক্ষাৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বজুৰি বিজ্ঞানসম্মত ভাবে প্রতিষ্ঠিত এটা সত্য এয়ে যে শিক্ষা আহৰণৰ বাবে শ্রেষ্ঠ মাধ্যম হ'ল নিজৰ মাতৃভাষা। প্রতিভা আৰু ব্যক্তিত্বৰ বিকাশত স্কুলীয়া স্তৰত, মাতৃভাষৰ মাধ্যমত শিক্ষা আহৰণে গভীৰ প্ৰভাৱ পেলোৱা কথাটো বিভিন্ন সমীক্ষাই প্রতিপন্ন কৰিছে। এই নীতিকে সাৰোগত কৰি সমাজত বৈজ্ঞানিক, কাৰিকৰী, আর্থ সামাজিক, ভাষা-সাহিত্য-সংস্কৃতি সকলো দিশতে এচাম নতুন প্রতিভা সৃষ্টি আৰু গঢ় দিয়া মানসেৰে ২০০৪ চনৰ ১০ জানুৱাৰীৰ পৰা দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয় নামেৰে অসমীয়া মাধ্যমৰ এখনবিদ্যালয়ৰ দুৱাৰ দলগাঁৱৰ নতুন প্ৰজন্মৰ বাবে মুকলি কৰা হৈছিল।
অসমীয়া ভাষা-সংস্কৃতি তথা জাতি মুঠেও নিঃকিন, নিঃস্ব নহয়। এটা চহকী আৰু সবল ভাষা থকা সত্বেও চাৰিওফালে বিৰাজ কৰা বৰ্তমানৰ একপ্ৰকাৰৰ হীনমন্যতা পৰিহাৰ কৰি আমি আত্মপ্রত্যয়েৰে আগবাঢ়ি আহিছোঁ যে অসমীয়া ভাষাৰ মাধ্যমেৰে সমাজ আৰু অভিভাৱকে বিচৰা শৃংখলাবদ্ধ পৰিৱেশত ছাত্ৰ-ছাত্ৰীক উপযুক্ত শিক্ষা প্ৰদান কৰিব পাৰি। নিজৰ পৰিচয় পাহৰি আৰু নিজৰ মূলটোৰ পৰা আঁতৰি, পাৰিপাৰ্শ্বিক সমস্যাৰাজি উপলব্ধি কৰাৰ ক্ষেত্ৰত একো একোজন দিশহাৰা নাগৰিক হৈ পৰাৰ সম্ভাৱনাৰ বিপৰীতে দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয়ত অর্হতা সম্পন্ন, ব্যক্তিত্বসম্পন্ন আৰু দায়িত্বশীল শিক্ষক-শিক্ষয়িত্ৰীৰ তত্বাৱধনাত ছাত্ৰ-ছাত্ৰীয়ে স্বকীয়তা অক্ষুন্ন ৰাখিহে জ্ঞানৰ প্ৰসাৰিত দিগন্তৰ বুকুলৈ ধাবমান হ'ব এক আধুনিক দৃষ্টিভঙ্গীৰে।
বর্তমান বহু শিক্ষানুষ্ঠানত বিৰাজ কৰা জঠৰতা, ব্যৱসায়মুখিতা আৰু আসোঁৱাহৰ বিপৰীতে সময়ৰ নতুন-নতুন প্ৰয়োজনীয়তাৰ লগত খাপ খুৱাব পৰাকৈ ছাত্ৰ-ছাত্ৰীক গঢ় দিয়াৰ প্ৰত্যাহ্বান দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয়ে গ্ৰহণ কৰিছ।
বিস্তৃত পৰিকল্পনাৰে গঢ় দিয়া বিদ্যালয়ৰ মূল ভিত্তি হ'ল এটা মুকলি আৰু বৈজ্ঞানিক দৃষ্টিভঙ্গী হয়।
বিদ্যালয়খনৰ বৈশিষ্ট্য:
১) মাতৃভাষাৰ মাধ্যমত শিক্ষা আহৰণৰ বিষয়টো বিজ্ঞানসম্মত বুলি মানি লৈও আমি বৰ্তমানৰ প্ৰতিযোগিতামূলক পৃথিবীত ইংৰাজী ভাষাৰ গুৰুত্ব অস্বীকাৰ কৰিব খোজা নাই। বিদ্যালয় খনত ছাত্র-ছাত্রী সকলে ইংৰাজী ভাষা আয়ত্ব কৰাৰ ওপৰত যথোচিত গুৰুত্ব দিয়া হৈছে।
২) বিদ্যালয়খনত ল'ৰা-ছোৱালীৰ সহ-শিক্ষাৰ ব্যৱস্থা আছে|
৩) অংকুৰ (৩ বছৰ), কুঁহি (৪ বছৰ), সোপান (৫ বছৰ) আৰু প্ৰথম শ্ৰেণীৰ (৬ বছৰ) পৰা দ্বাদশ শ্রেণী (কলা, বিজ্ঞান আৰু বাণিজ্য) লৈ শিক্ষাদানৰ ব্যবস্থা আছে।
৪) শিক্ষক আৰু ছাত্র-ছাত্রী প্রতিটো শ্রেণীত এক বিজ্ঞানসন্মত অনুপাতত ৰখা হৈছে যাতে প্রতিজন শিক্ষার্থীয়ে শিক্ষক-শিক্ষয়িত্ৰীৰ যথেষ্ট গুৰুত্ব ায়।
৫) ছাত্ৰ-ছাত্ৰীৰ বাবে অভিভাবকে ঘৰুৱা শিক্ষক নিযুক্তি দিয়াৰ কোনো প্রয়োজন নাথাকে। ষষ্ঠ শ্ৰেণীৰ পৰা প্ৰতিটো স্তৰতে প্ৰতিজন ছাত্র- ছাত্ৰীৰ বাবে একোগৰাকী পৰামৰ্শদাতা শিক্ষক থাকে। প্রতিটো ছাত্র- ছাত্ৰীৰ সবল-দুৰ্বল দিশবোৰ আৰু ৰাপ- অভিকচিৰ বিষয়ে অভিভাবকক অবগত কৰোৱা হয়।
৬) নিদ্দিষ্ট সময়ৰ মুৰে মুৰে একোগৰাকী শিক্ষক ছাত্ৰ-ছাত্ৰীৰ ঘৰলৈ গৈ ঘৰুৱা পৰিৱেশ, পঢ়াৰ সা-সুবিধা আদিৰ বিষয়ে বুজ লোৱাৰ ব্যবস্থা আছে।
৭) বিদ্যালয়খনত শৈক্ষিক দিনপঞ্জী আছে আৰু সেইখনৰ আধাৰত শিক্ষাদান কৰা হয়।
৮) সমাজৰ বিভিন্ন স্তৰত বিভিন্ন বৃত্তিত পাৰদৰ্শী আৰু অভিজ্ঞ ব্যক্তিৰ লগত ছাত্র- ছাত্রীক নিয়মীয়াকৈ পৰিচয় কৰোৱা হয় যাতে তেওঁলোকৰ জীৱনৰ বৈচিত্ৰ সোৱাদ লোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ অভিজ্ঞতাৰ পৰিসীমা প্ৰসাৰিত হয় আৰু শিষ্টাচাৰ আৰু আচৰণৰ এটা ভেটী তৈয়াৰ হয়।
৯) শিক্ষক-শিক্ষয়িত্ৰীৰ শৈক্ষিক উৎকর্ষ সাধিবলৈ শিক্ষাদানৰ লগত জড়িত বিষয়ৰ ওপৰত প্ৰতিটো শনিবাৰে শিক্ষক-শিক্ষয়িত্ৰীৰ মাজত বিষয়ভিত্তিক আলোচনা চক্র অনুষ্ঠিত হয় আৰু বিষয় ভিত্তিক শিক্ষক প্রশিক্ষন অনুষ্ঠান AJVEC ত অংশ গ্ৰহণ কৰোৱ
Meet the members of the School Management & Development Committee who contribute towards the growth and development of our school.
Chairperson
Vice-Chairperson
Secretary
Executive Member
Executive Member
আমাৰ মিছন হৈছে শিক্ষাৰ জৰিয়তে এক সামাজিক পৰিৱৰ্তন আনা। ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত এক সচ্চৰিত্ৰ, দায়িত্বশীল আৰু জ্ঞানী সমাজ গঢ়ি তোলাই আমাৰ মূল উদ্দেশ্য।
আমাৰ বিশেষ লক্ষ্যবোৰ হৈছে –
১. মানসম্মত শিক্ষা প্ৰদান: প্রত্যেক ছাত্ৰ-ছাত্ৰীক আধুনিক শিক্ষা আৰু প্ৰযুক্তিৰ সৈতে সংযোগ ঘটাই শিক্ষা প্ৰদান কৰা।
২. নৈতিক মূল্যবোধ বিকাশ: পৰিশ্ৰম, সততা, নীতি-নৈতিকতা আৰু সমাজৰ প্ৰতি কৰ্তব্যবোধ গঢ়ি তোলা।
৩. সাংস্কৃতিক সংৰক্ষণ: অসমীয়া ভাষা, সংস্কৃতি আৰু পৰম্পৰা সংৰক্ষণ কৰি নতুন প্ৰজন্মলৈ আগবঢ়োৱা।
৪. সামাজিক দায়িত্ববোধ: পৰিৱেশ সংৰক্ষণ, গাঁও-চহৰৰ উন্নয়ন আৰু সমাজৰ সেবা কৰিবলৈ ছাত্ৰ-ছাত্ৰীক উদ্বুদ্ধ কৰা।
৫. সৰ্বস্তৰৰ বাবে শিক্ষা: ধনী-দৰিদ্ৰ, গাঁও-চহৰ, সকলো স্তৰৰ ছাত্ৰ-ছাত্ৰীক সমান শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰা।
আমাৰ দৃষ্টি হৈছে এক সমৃদ্ধ, শিক্ষিত আৰু দায়িত্বশীল সমাজ গঢ়ি তোলা। শিক্ষা, সংস্কৃতি, পৰিৱেশ আৰু নৈতিকতা একেলগে বিকাশ হোৱা এটা সুস্থ পৰিৱেশ গঢ়ি তুলাটো আমাৰ সৰ্বোচ্চ লক্ষ্য।
আমাৰ স্বপ্ন দেখি এক সুসংহত সমাজৰ, য’ত—
১. প্রত্যেকজন শিশু শিক্ষাৰ সুযোগ পাব।
২. প্রত্যেক ছাত্ৰ-ছাত্ৰী নিজৰ প্ৰতিভা বিকাশ কৰি সমাজত অৱদান ৰাখিব।
৩. সংস্কৃতি আৰু পৰম্পৰা সংৰক্ষিত থাকি আধুনিক প্ৰযুক্তিৰ সৈতে আগুৱাই যাব।
৪. পৰিৱেশ সংৰক্ষণ, ন্যায় আৰু ভ্ৰাতৃত্বই সমাজৰ মূল স্তম্ভ হব।
৫. আমাৰ বিশ্বাস, শিক্ষাৰ জৰিয়তে সমাজক পৰিবৰ্তন কৰি এক নৱীন প্ৰজন্ম গঢ়ি তোলা সম্ভব। সেয়ে দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয়ৰ সৰ্বতোমুখী দৃষ্টি হৈছে এক শিক্ষিত, সমৃদ্ধ আৰু শক্তিশালী সমাজ গঢ়ি তোলা, যিয়ে আগন্তুক প্ৰজন্মৰ বাবে এক দিশা প্ৰদান কৰিব।
Creating the best environment for our learners
Advanced computer and STEM laboratories.
Safe and tracked transportation across city.
Wealth of knowledge with 20k+ books.
Verified staff and 24/7 CCTV vigilance.
The safety of our students is our paramount concern. Our campus is monitored 24/7 by high-definition CCTV cameras and a team of professional security personnel.